internet

ডিজিটেল ডেস্কঃ মৃত্যুদণ্ড প্ৰদান কৰা মানে ৰায় প্ৰদানৰ নামত শীতল মস্তিস্কৰে হত্যা কৰাৰ সমান৷ শুকুৰবাৰে আদালতে প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তি ঘোষণাৰ পাছত এক আবেদন দাখিল কৰাৰ সময়ত এনেদৰে কয় নিৰ্ভয়া কাণ্ডৰ কাৰাদণ্ডিত অপৰাধীয়ে৷

বিশ্ব কঁপোৱা দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীৰ ভিতৰৰ বিনয় শৰ্মা আৰু পৱন গুপ্তা নামৰ ধৰ্ষণকাৰী দুজনে আদালতৰ ৰায় প্ৰদানৰ পিছত এটা সুযোগ বিচাৰি আবেদন কৰিছিল৷ মৃত্যুৰ দণ্ডেৰে দণ্ডিত ধৰ্ষণকাৰী দুজনে আদালতত যুক্তি দৰ্শাই কৈছিল যে তেওঁলোকৰ বয়স শাস্তি গ্ৰহণ কৰিবলৈ যথেষ্ট কম হোৱাৰ লগতে দুয়োজন দৰিদ্ৰ পৰিয়ালৰ৷ তাৰ বাবে দুয়োজনকে জীয়াই থকাৰ বাবে এটা সুযোগ প্ৰদান কৰা উচিত৷

উল্লেখ্য যে, ২০১২ চনৰ ১৬ ডিচেম্বৰত ৬ গৰাকী দুস্কৃতিকাৰীয়ে নিৰ্ভয়া ওৰফে এখন চলন্ত বাছৰ ভিতৰত গণধৰ্ষণ কৰাৰ লগতে প্ৰচণ্ড মাৰধৰ কৰিছিল৷ তাৰ পিছত চলন্ত বাছৰ পৰা দুস্কৃতীকাৰীসকলে নিৰ্ভয়াক নগ্ন কৰি পেলাই থৈ গৈছিল৷

আনহাতে নিৰ্ভয়াৰ বন্ধুকো দুস্কৃতীকাৰীসকলে মাৰধৰ কৰিছিল৷ পিছত ১৩ দিনধৰি চিংগাপুৰৰ মাউন্ট এলিজাবেথ হস্পিতালত মৃত্যুৰ সতে যুঁজি ডাক্তৰৰ অশেষ প্ৰচেষ্টা বিফল কৰি নিৰ্ভয়াৰ মৃত্যু ঘটে৷ নিৰ্ভয়াৰ মৃত্যুৰ পিছতে দেশ জুৰি তীব্ৰ আন্দোলন সৃষ্টি হয়৷ দোষীক কৰায়ত্ব কৰি ন্যায় প্ৰদান কৰিবলৈ দেশজুৰি দাবী উত্থাপন হয়৷ 

ইয়াৰ পাছতে গণ ধৰ্ষণ কাণ্ডৰ লগত জড়িত ৬ গৰাকী লোকক আদালতে দোষী সাব্যস্ত কৰে৷ ইয়াৰ মাজৰ ৰাম সিং নামৰ বাছ ড্ৰাইভাৰজনে তিহাৰ জেলৰ ভিতৰত আত্মহত্যা কৰাৰ বিপৰীতে আন এগৰাকী অপৰাধী নাবালক হোৱাত ৩ বছৰ জুভেইনাল হোমত কটোৱাৰ পিছত মুক্তি লাভ কৰে৷ 

২০১৭ চনত বাকী ৪জন অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰা হয়৷ কিন্তু অপৰাধীৰ অধিবক্তা এ পি সিঙে আদালতৰ ৰায়ৰ পুনৰ বিচাৰৰ বাবে আবেদন জনায়৷ অধিবক্তাগৰাকীয়ে কয়, ‘‘এওঁলোক স্বভাৱগতভাৱে অপৰাধী নহয়৷ এওঁলোকৰ বিৰুদ্ধে পূৰ্বতে কোনো অভিযোগ নাই৷

এওঁলোকক আৰু এটা সুযোগ দিয়া উচিত৷’ অপৰাধীকেইজনৰ সপক্ষে মন্তব্য কৰি অধিবক্তা এ পি সিঙে পুনৰ কয়, ‘‘বহু দেশত মৃত্যুদণ্ড নিষিদ্ধ কৰা হৈছে৷ মৃত্যুৱে অপৰাধীক হে হত্যা কৰে, অপৰাধক নহয়৷’ আনহাতে অপৰাধী কেইজনক আটক কৰা সময়ত তেওঁলোকৰ বয়স যথেষ্ট কম আছিল বুলি দাবী কৰে অধিবক্তাগৰাকীয়ে৷