তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তৰণীত পৰম্পৰাগত ভাৱে পালন কৰি অহা বাৰোৱাৰী ৰাস মহোৎসৱৰ ৮৩ সংখ্যক বৰ্ষৰ ব্যপক প্ৰস্তুতি হাতত লোৱা হৈছে৷
অহা ৩ নৱেম্বৰৰ পৰা ১১ নবেম্বৰলৈ ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিতব্য মহোৎসৱটি সুপৰিচালনাৰ্থে শুক্লেশ্বৰ কলিতাক সভাপতি, বিপুল কলিতাক কাৰ্যকৰী সভাপতি, ৰোহিণী কলিতা আৰু উমা কলিতাক উপ সভাপতি, প্ৰানেশ্বৰ ডেকা আৰু ৰাজীব কলিতাক যুটীয়া সম্পাদক তথা হেমেন কলিতা আৰু গোলোক ৰাজবংশীক সহকাৰী সম্পাদক আৰু শংকৰ কলিতাক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে৷