newsnextone.com | নগাঁওঃ যি কথাৰ বৰ্ণনা দিবলৈ গলে চকুলো ওলাই৷ তেনেই কথাই পুনৰাই বৰ্ণানা দিব লগা হৈছে৷ মানুহ মানুহৰ হাতত প্ৰাণ দিব লগীয়া কেইবাটাও ঘটনা অসমত সংঘটিত হোৱাৰ পিছতো সভ্য সমাজ খনৰ মানুহে সেই ঘটনা সমূহৰ পৰা উচিত শিক্ষা নোলোৱাৰ বাবে আজি অসমৰ বহু থলুৱাৰ পৰিয়ালে চকুলো টুকিব লগা হৈছে৷ সৌ সিদিনা ৮ জুনত ডকমকাৰ পাণজুৰিত এচাম দুৰ্বৃত্তই নিৰ্মম ভাৱে দুগৰাকী প্ৰতিভাবান যুৱকক হত্যা কৰিলে৷ সেই দুটা পৰিয়ালে চকুলো টুকি দিন পাৰ কৰিছে তাৰ দ্বাৰা উচিত শিক্ষা নললে আসুৰিক তৃপ্তি লাভ কৰা লোকসকলে৷

দুগৰাকী নিৰীহ যুৱকক কেইগৰাকীমান লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰি ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷ 

তাৰ মাজতে কেইবাটাও এনে ঘটনা সংঘটিত হৈছে অসমত৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গোসাঁইখণ্ডাৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক ৰতন বৰদলৈ একাংশ লোকৰ গণ প্ৰহাৰৰ সন্মুখীন হ’ব লগা হয়৷ পত্নী আৰু এটি দুমহীয়া সন্তানৰে সৈতে তিনিজনীয়া পৰিয়ালটো বহু কষ্টৰে পোহপাল দি আহিছিল ৰতনে৷ পেটৰ তাড়নাতেই ৰতনে চুবুৰীয়া ৰাজ্য মনিপুৰত এটি ব্যক্তিগত কোম্পানীত কাম কৰিছিল৷ এনেদৰেই সুখ-দুখৰ মাজেৰেই চলি আছিল পৰিয়ালটো৷ কিন্তু বিধিৰ বিপাক৷ এই কষ্টসহিষ্ণু দৰিদ্ৰ যুৱকজনৰ পৰিয়ালটোলৈ যোৱা ২২জুনৰ দিনটোত নামি আহিল ঘোৰ অমানিশা৷ 

সেইদিনা এচাম অন্ধবিশ্বাসী লোকৰ বৰ্বৰতাৰ বলি হ’বলগীয়া হয় যুৱকজন৷ সেইদিনা মনিপুৰৰ পৰা ঘৰলৈ আহে ৰতনে৷ তেনেতে ভুলক্ৰমে নগাঁৱৰ চাপৰমুখৰ সলনি হোজাইত ৰেলৰ পৰা নামে ৰতনে৷ হোজাইত নামিয়েই সহজ-সৰল যুৱক ৰতনে ঠাইখনৰ কোনো উৱাদিহ নাপাই নিজৰ ঘৰৰ ঠিকনা বিচাৰি কোমৰাকাঁটা নামৰ গাঁওখনত উপস্থিত হৈ গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰত উপস্থিত হয় আৰু গাঁওবুঢ়াৰ ঘৰৰ দুৱাৰত ঢকিয়াই৷

কিন্তু ঘৰৰ ঠিকনা বিচাৰি যোৱা ৰতনক কোনো কথাৰ অৱতাৰণা নকৰি সোপাধৰা বুলি গাঁওবুঢ়াৰ পৰিয়ালে বান্ধি লৈ গাঁৱৰ মানুহক সোপাধৰা ওলাইছে বুলি খবৰ দিয়ে৷ সোপাধৰাৰ কথা চৌপাশে নিমিষতে বিয়পি পৰাত গাঁওবুঢ়াৰ ঘৰত বহু লোকৰ সমাগম হয় আৰু ৰতনক বিনা কাৰণতে সোপাধৰা সজাই গণ প্ৰহাৰ কৰে৷ গুৰুলা-গুৰুলকৈ মাৰ-পিত কৰে৷ বৰ্বৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ পৰা ৰতনক বহু পিছত স্থানীয় আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি উদ্ধাৰ কৰে৷

লগে লগে স্থানীয় চিকিৎসা কেন্দ্ৰত ৰতনক চিকিৎসা প্ৰদান কৰাৰ অন্তত নগাঁৱৰ পৰিয়ালৰ লোকক খবৰ দিয়ে৷ পিছত পৰিয়ালৰ লোকে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা ৰতনক ঘৰলৈ লৈ আহে৷ কিন্তু মুৰত চাৰিটাকৈ চিলাই পৰাৰ লগতে বুকু, পিঠি আৰু মুখমণ্ডলত খুব বেয়াকৈ আঘাত পোৱা নিৰপৰাধী যুৱক ৰতনৰ এনে অৱস্থাই দৰিদ্ৰ পৰিয়ালটোক এতিয়া দিশহাৰা কৰি পেলাইছে৷ কৰ্ম স্থলীৰপৰা ঘৰলৈ উভতি আহোতেই মাজ বাটত সোপাধৰা সজাই অমানুষিক অত্যাচাৰ চলাই ঘূণীয়া কৰা এই যুৱক জনৰ পত্নী এতিয়া উপায় হীন হৈ পৰিছে। 

দুমহীয়া সন্তানক কোলাত লৈ কেনেকৈ স্বামীক চিকিৎসাৰ কৰিব। কিয়নো ৰতনে সম্প্ৰতি মূৰত পোৱা গভীৰ আঘাতৰ বাবে লাহে লাহে মানসিক ভাৰসাম্য হেৰুৱাব ধৰিছে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক ৰতনৰ পৰিয়ালটো এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে৷ কিয়নো লগত অনা সাঁচতীয়া ধনখিনি সেই ঘটনাৰ দিনাই কোনোবাই কাঢ়ি ল’লে৷ ৰতনৰ চিকিৎসাৰ বাবে ধাৰলৈ টকা আনি চিকিৎসা প্ৰদান কৰিবলগীয়াত পৰিছে ৰতনৰ পত্নীয়ে৷ কিন্তু পৰ্যাপ্ত ধনৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰাত দেহৰ বহু ঠাইত অঘাত লৈ থকা ৰতনে মানসিক ভাৰসাম্য প্ৰায় হেৰুৱাই পেলাইছে৷

সেয়ে দুমহীয়া পানী কেচুৱাটোক সাৱটি একো উয়াদিহ নাপাই শোকত ভাগি পৰিছে ৰতনৰ দুৰ্ভগীয়া পত্নী৷ চিকিৎসাৰ বাবে নাই ধন লগতে পেটৰ তাড়নাই বেছ সংকটৰ সন্মুখীন কৰাইছে পৰিয়ালটোক৷ এতিয়া একাংশ অন্ধবিশ্বাসী লোকৰ আক্ৰোশৰ বলি হৈ ঘূনীয়া হোৱা যুৱকজনৰ চিকিৎসাৰ বাবে স্থানীয় বিধায়িকাৰ লগতে চৰকাৰ তথা সুহৃদয়বান লোকৰ সহায় ভিক্ষা মাগিছে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে৷

ইফালে বিনা দোষতে এনেদৰে কৰ্মস্থলীৰ পৰা ঘৰলৈ অহা নিৰপৰাধী যুৱকক আক্ৰমন কৰা ঘটনাৰ লগত জড়িত দোষীসকলক শীঘ্ৰে ধৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে এনেদৰে অন্ধবিশ্বাসৰ কৱলত পৰি নিৰপৰাধী লোক আক্ৰমণৰ বলি হ’বলগীয়া ঘটনা ৰোধৰ বাবে চৰকাৰক বিশেষ পদক্ষেপ গ্ৰহনৰ দাবী জনাইছে সচেতন মহলে৷ ঘটনাই চাৰি দিন অতিক্ৰম কৰিলে যদিও স্থানীয় বিধায়িকাই আজিকোপতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ কথাটো দূৰেই খবৰ এটাকে ল’বলৈ সময় উলিয়াব নোৱাৰাত স্থানীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷