newsnextone.com | নগাঁওঃ যি কথাৰ বৰ্ণনা দিবলৈ গলে চকুলো ওলাই৷ তেনেই কথাই পুনৰাই বৰ্ণানা দিব লগা হৈছে৷ মানুহ মানুহৰ হাতত প্ৰাণ দিব লগীয়া কেইবাটাও ঘটনা অসমত সংঘটিত হোৱাৰ পিছতো সভ্য সমাজ খনৰ মানুহে সেই ঘটনা সমূহৰ পৰা উচিত শিক্ষা নোলোৱাৰ বাবে আজি অসমৰ বহু থলুৱাৰ পৰিয়ালে চকুলো টুকিব লগা হৈছে৷ সৌ সিদিনা ৮ জুনত ডকমকাৰ পাণজুৰিত এচাম দুৰ্বৃত্তই নিৰ্মম ভাৱে দুগৰাকী প্ৰতিভাবান যুৱকক হত্যা কৰিলে৷ সেই দুটা পৰিয়ালে চকুলো টুকি দিন পাৰ কৰিছে তাৰ দ্বাৰা উচিত শিক্ষা নললে আসুৰিক তৃপ্তি লাভ কৰা লোকসকলে৷
দুগৰাকী নিৰীহ যুৱকক কেইগৰাকীমান লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰি ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷