Home ৰাজ্যসুৰা সম্ৰাট মুলসিং ৰাথোড়ৰ হত্যাৰ লগত জড়িত ২ দুৰ্বৃত্তক কৰায়ত্ত কাৰ্বি আংলং আৰক্ষীৰ

সুৰা সম্ৰাট মুলসিং ৰাথোড়ৰ হত্যাৰ লগত জড়িত ২ দুৰ্বৃত্তক কৰায়ত্ত কাৰ্বি আংলং আৰক্ষীৰ

by News Desk
55 views
A+A-
Reset

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত ২৩ জুনৰ নিশা প্ৰায় ৯ বজাত সুৰা সম্ৰাট মুলসিং ৰাথোড়ক অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাসগৃহতে এ কে-৪৭ ৰাইফলে গুলীয়াই হত্যা কৰিছিল৷ উল্লেখ্য যে, সামৰিক পোছাক পৰিহিত অস্ত্ৰধাৰী ৬/৭ জনীয়া এক বৃহৎ দলে মুখত কলা কাপোৰ মাৰি ৰাথোড়ৰ বাসগৃহত পাছফালৰপৰা প্ৰৱেশ কৰি ব্যৱসায়ীগৰাকীৰ পত্নী, পুত্ৰ, বোৱাৰী, নাতি সকলোকে এটা কোঠাত আৱদ্ধ কৰি ধন-সোণ, পইচা-পাতি বিচাৰি মাৰধৰ কৰাৰ লগতে ব্যৱসায়ী ৰাথোড়ক ফোন কৰি ঘৰলৈ মাতিবলৈ পুত্ৰক হেচা প্ৰয়োগ কৰিছিল৷ 

ঘটনা সন্দৰ্ভত ব্যৱসায়ী ৰাথোড়ে জানিব পাৰি তেওঁৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলটো লৈ পৰিয়ালৰ সদস্যসকলক উদ্ধাৰৰ বাবে আহে যদিও দৃৰ্বৃত্তৰ দলটোৱে ৰাথোড়ক ঘৰৰ চোতালতে এ কে ৪৭ ৰাইফলৰ গুলীৰে নিৰ্বিচাৰ গুলীবৰ্ষণৰে হত্যা কৰে৷ ঘটনা সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে ৰাথোড়ৰ পিষ্টলটোৰ লগতে টকা, আ-অলংকাৰ লুটি ঘটনাস্থলীৰপৰা আতৰি যায়৷ ইয়াৰ পাছতেই কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ইন্দ্ৰনীল বৰুৱা, বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাওকাম ছাংচানে উক্ত ঘটনাৰ লগত জড়িত হত্যাকাৰীক কৰায়ত্ত কৰাৰ বাবে জোৰদাৰ অভিযান অব্যাহত ৰাখে আৰু ঘটনাৰ পাছদিনাই বোকাজান মহকুমাৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত হাটোকা অঞ্চলৰ এটা অতি দুৰ্গম পথৰপৰা এখন এল্ট’ গাড়ী, দুটা সক্ৰীয় গুলীৰ লগতে হেণ্ডগ্ল’ভছৰ খালী পেকেট উদ্ধাৰ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0