ছিপাঝাৰঃ ৰাজ্যৰ থলুৱা যুৱকসকলেও উদ্যোগ গঢ়ি স্বাৱলম্বী হ’ব খোজে৷ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি থলুৱা যুৱকে নিজৰ পৰিয়াল চলোৱাৰ লগতে আন দহটা পৰিয়ালৰ সন্তানক নিয়োগ কৰিব খোজে৷ তেনে যুৱক অসমত বহু আছে৷ কিন্তু থলুৱা যুৱকক উদ্যোগ গঢ়াৰ বাবে সহায় কৰে নে চৰকাৰে৷ স্বাধীনতাৰ পিছৰে পৰা দেখা যায় যে স্বাধীন ভাৰতৰ কোনো এখন চৰকাৰে থলুৱাৰ যুৱকৰ বাবে উদ্যোগ গঢ়াৰ বাবে নিৰ্দিষ্ট নীতি গ্ৰহণ কৰা নাই৷
শেহতীয়াকৈ যোৱা ৩ আৰু ৪ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি দেশী-বিদেশী আলহীক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰিলে৷ নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিছে যদিও ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন তথা থলুৱা যুৱকক স্বাৱলম্বী কৰিবলৈ চৰকাৰে কিঞ্চিত চেষ্টা কৰা দেখা নাযায়৷