Home ৰাজ্যৰৌতাৰ ঝাৰগাৱত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্ত্তি দাহ

ৰৌতাৰ ঝাৰগাৱত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্ত্তি দাহ

by News Desk
A+A-
Reset
6132115c-d0da-401d-9a1e-26c98b3fb4b6

newsnextoneৰৌতা ৫ অক্টোৱৰঃ তেজপুৰ ডিটেনশ্বন কেম্পত যোৱা কালি ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰীখুটি গাঁৱৰ জুব্বাৰ আলীৰ মৃত্যুক লৈ আজিও পৰিস্থিতি উত্তাল হৈ আছে। আজি সন্ধিয়া ৭ বজাত ঝাৰগাৱত আমছু, মুছলিম ছাত্ৰ সন্থা ,এবিএমছুই অসমৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰে। 
উল্লেখযোগ্য যে মৃত জুব্বাৰ আলীৰ পিতৃৰ ১৯৫১ চনৰ এনআৰচিত নাম থকা সত্বেও কেনেকৈ বিদেশী হৈ তিনিবছৰ ডিটেনশ্বন কেম্পত থাকি মৃত্যুবৰন লগা হল তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত, মৃতকৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণৰ লগতে বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি বন্ধ কৰা আদি দাবী সমূহ লৈ এই তিনিওটা সংগঠনে ঝাৰগাৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ কাৰী সকলে সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, সীমান্ত আৰক্ষী হায় হায় আদি ধ্বনিৰে আকাশ বতাহ কপাই তোলে। মৃতকৰ পৰিয়ালক ক্ষতিপূৰণৰ লগতে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান নকৰিলে অনাগত দিনত চৰকাৰখনে ভয়ানক গনতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হব লাগিব বুলি প্ৰতিবাদকৰী সকলে চৰকাৰক সকিয়াই দিয়ে ।

 আব্দুল আৱাল,ৰৌতা

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0