নতুন দিল্লীঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ দুৰ্বল হৈ পৰা দেশৰ অৰ্থব্যৱস্থাক সুস্থিৰ কৰি ৰাখিবৰ বাবে ৰেপ’ ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। শুকুৰবাৰে এক সংবাদ মেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় বেংকটোৰ মূৰব্বী তথা গৱৰ্ণৰ শক্তিকান্ত দাসে।
গৱৰ্ণৰগৰাকীয়ে জনোৱা মতে, কৰ’নাক লৈ সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিলৈ চাই ৰেপ’ ৰেট ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত বেংকৰ ঋণৰ সূতৰ হাৰ হ্ৰাস পাব। আনহাতে ৰিভাৰ্ছ ৰেপ’ ৰেটো ০.৯০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেংকটোৱে।