নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৮ নৱেম্বৰত গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ সিদ্ধান্তই সমগ্ৰ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত বৃহৎ পৰিবৰ্তনৰ ইংগিত কঢ়িয়াই আনিছিল। সমগ্ৰ বিশ্বত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ভাৰতবৰ্ষৰ বিমুদ্ৰাকৰণৰ নীতি। এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক চৰকাৰে প্লাষ্টিকৰ নোট তৈয়াৰ কৰিবলৈ অনুমতি দিছে।
প্লাষ্টিকৰ নোটৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে। প্লাষ্টিক নোট প্ৰচলন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰততো প্লাষ্টিক নোটৰ ব্যৱহাৰ সম্ভৱ। প্লাষ্টিক নোট দীৰ্ঘস্থায়ী আৰু তৈয়াৰ কৰোতে ব্যয়ো কম হয়। বিভিন্ন পক্ষৰ লগতে চাইবাৰ সুৰক্ষাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি অতি শীঘ্ৰে প্লাষ্টিক নোট মুকলি কৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।