ডিব্ৰুগড়ঃ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে ৩০ ঘন্টাৰ মূৰকত আদালতত হাজিৰ কৰাই অখিল গগৈক৷ আৰক্ষীয়ে অখিল গগৈক তদন্তৰ খাতিৰত ৪ দিনৰ বাবে নিজৰ জিম্মাত লয়৷ অখিলৰ গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে৷ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰাৰ পাছৰে পৰা উত্তাল হৈ পৰিছে ৰাজ্য৷
একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰয়োজনত অস্ত্ৰ হাতত তুলি ল’বলৈ আহ্বান জনালেই যদি ৰাষ্ট্ৰদ্ৰোহ হয় তেন্তে হোজাইত আৰ এছ এছে অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰাতো কি আছিল বুলিও থানাৰ ভিতৰত আৰক্ষীক প্ৰশ্ন কৰে অখিলে।