newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ সন্দৰ্ভত বিতৰ্কিত জাকিৰ নাঈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ বিতৰ্কিত ইছলামিক ধৰ্মগুৰু জাকিৰ নাঈকে দেশলৈ পুনৰ উভতি আহিব বুলি খবৰ প্ৰচাৰ হৈ অহাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই খবৰক ভুৱা আৰু তথ্যহীন আখ্যা দিয়ে৷ 

জাকিৰ নাঈকে কয় যে মোৰ এতিয়া দেশলৈ উভতি অহাৰ কোনো পৰিকল্পনা নাই৷ যেতিয়ালৈ বিশ্বাসযোগ্য পৰিবেশ আৰু সুৰক্ষিত বুলি নাভাবো তেতিয়ালৈ উভতি নাহো৷ ইনচাআল্লা মই ভাবো চৰকাৰে ন্যায় আৰু সঠিক সিদ্ধান্ত লব৷ মই সঁচাই মোৰ মাতৃভূমিলৈ উভতি যাম বুলি কয় নাঈকে৷