নাৰায়ণপুৰঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষকসমাজ৷ স্নাতক পৰ্যায়ৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে সপ্তম দৰমহা আয়োগ আৰু আৰঅপি-২০১৭য়ে নিৰ্ধাৰণ কৰা গ্ৰেড পে ৮,৭০০ টকাৰ পৰা কৰ্তন কৰি ৬,৮০০ কৰাত জাঙু খাই উঠিছে শিক্ষকসকল৷ যোৱা ৩ নৱেম্বৰত অসম চৰকাৰৰ বিত্ত বিভাগে WT Message No.FPc.18/2013/PT/12 যোগে ৬,৮০০ টকা প্ৰদান কৰাৰ নিৰ্দেশ দিয়াত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যৰ শিক্ষকসকলে ক্ষোভিত হৈ পৰিছে৷
সম্পূৰ্ণ বিধিগত ভাবে ১৫/১৬ মাহ ধৰি ৮,৭০০ টকাৰ গ্ৰেড পেত দৰমহা লাভ কৰা শিক্ষকসকলে শিক্ষা বিভাগ তথা বিত্ত বিভাগৰ এনে কাৰ্যত চৰম অপমানিত হৈ ৰাজ্যজুৰি তাঁৰ বাৰ্তা (WT Message) ৰ প্ৰতিলিপি দাহ কৰি পৰ্তিবাদ সাব্যস্ত কৰে৷ আনহাতে শিক্ষকসকলে শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি গ্ৰেড পে ৮,৭০০ বাহাল ৰাখিবলৈ দৈবা জনায়।