গুৱাহাটীঃ কৃষক নেতা অখিল গগৈক আটক কৰি ডিব্ৰুগড় জিলালৈ লৈ অহাৰ পাছৰে পৰা উত্তাল হৈ পৰিছে ৰাজ্য৷ ৰাজ্যৰ দল-সংগঠন ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই পথ অৱৰোধ আৰু ৰেল পথ অৱৰোধ কৰি অখিল গগৈক গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷
আনহাতে যোৱা ৩০ ঘন্টা ধৰি উত্তাল হৈ আছে ডিব্ৰুগড় জিলা৷ জিলা খনৰ বিভিন্ন ঠাইৰ পৰা ওলাই অহা শ শ লোকে একপ্ৰকাৰ ঘেৰাও কৰি ৰাখিছে ডিব্ৰগড় সদৰ আৰক্ষী থানা৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ো উত্তাল কৰি ৰাখিছে থানা চৌহদ৷ নিশাৰ পৰা অখিল গগৈয়ে আৰক্ষী তথা ৰাজ্য চৰকাৰক বিভিন্ন প্ৰশ্নবানেৰে থকা-সৰকা কৰে৷ অখিলৰ সমৰ্থকসকলে ওৰে নিশা থানা চৌহদত পহৰা দিয়ে৷