newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত বান্দৰৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এক বিশেষ উপায় আছে৷ তেওঁৰ মতে, যেতিয়াই বান্দৰে আক্ৰমণ কৰিবলৈ আপোনাক খেদি আহে, তেতিয়াই আপুনি জেপৰ পৰা হনুমান চালিচাখন উলিয়াই পঢ়িবলৈ লওক৷ দেখিব, বান্দৰে আপোনাক আক্ৰমণ নকৰে৷
বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মথুৰা-বৃন্দাবনবাসীক এইদৰে বান্দৰৰ আক্ৰমণৰ পৰা হাত সৰাৰ বাবে এনেদৰে প্ৰদান কৰা পৰামৰ্শই এতিয়া চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে, তীৰ্থস্থান মথুৰা আৰু বৃন্দাবনৰ মন্দিৰ সমূহৰ লগতে অইন সকলো স্থানতে বান্দৰৰ সংখ্যা যথেষ্ট বেছি আৰু তাত বান্দৰে প্ৰায়ে তীৰ্থযাত্ৰী আৰু স্থানীয় লোকসকলক আক্ৰমণ কৰি আহিছে৷