বঢ়মপুৰঃ বুঢ়াচাপৰি বন্যপ্ৰণী অভয়াৰণ্যত বুধবাৰে এজন বন কৰ্মীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বন্যপ্ৰণী অভয়াৰণ্য খনৰ বগৰীআটি বন শিবিৰৰ সমীপৰ একাঠু পানীত উদ্ধাৰ হয় দানেশ্বৰ বৰদলৈ নামৰ বনকৰ্মী জনৰ মৃতদেহটো।
মৃতদেহটোৰ কাষতে এখন মাছ মৰা জাল উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। বন কৰ্মীজনৰ মৃতদেহৰ মুৰত লাগি থকা তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি অস্বাভাৱিক মৃত্যুৰ সন্দেহ প্ৰকাশ কৰিছে অভয়াৰণ্য খনৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত নিশা আহি উপস্থিত হোৱা পৰিয়ালৰ লোকে।