কামপুৰঃ অপৰাধৰ ৰম্য ভূমিত পৰিণত হৈছে নগাঁও জিলা৷ বিগত কিছুদিনত এটা পাছত এটা কৈ সংঘটিত হোৱা হত্যা, ধৰ্ষণ, ডকাইটি, অপহৰণ আদিৰ দৰে ঘটনাই কামপুৰৰ পৰিৱেশ বিনষ্ট কৰা দেখিবলৈ পোৱা গৈছে৷ আনহাতে জিলা প্ৰশাসনৰ নিস্কৰ্মতাও বাৰুকৈয়ে প্ৰকাশ পাইছে সংঘটিত হোৱা এনেবোৰ ঘটনাৰ জৰিয়তে৷
শেহতীয়াকৈ নগাঁও জিলাত পূনৰ সংঘটিত হ’ল এক দুস্কাৰ্য৷ জিলাখনৰ গুইমাৰীত এজন অপহৃত লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ২০১৬ চনৰ ১৩ ডিচেম্বৰত কচুৱা জুৰিপাৰৰ আলিম উদ্দিন নামৰ এজন যুৱকক কোনো দুৰ্বৃত্তই টকাৰ লোভত অপহৰণ কৰিছিল৷