তেজপুৰঃ ৰাজ্যৰ একাংশ লোকে বনৰীয়া জীৱ-জন্তুক ৰক্ষণাবেক্ষণ দিবলৈ ওলাই আহে৷ তাৰ মাজতে একাংশ লোকে বিপদত পৰি পথভ্ৰষ্ট হৈ জনাঞ্চললৈ ওলাই অহা বনৰীয়া জীৱ-জন্তুক বধ কৰে৷ বিশেষকৈ একাংশ লোকে হৰিণা বধ কৰি খোৱাৰ বাতৰি প্ৰায়ে সম্প্ৰচাৰ হয়৷ খাদ্যৰ সন্ধানত তথা পথভ্ৰষ্ট হৰিণাক বচাবলৈ একাংশ লোকে সদায় সাজু হৈ থকা পৰিলক্ষিত হয়৷
তেজপুৰতো একাংশ লোকে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰে শনিবাৰে৷ শনিবাৰে তেজপুৰৰ ভোজখোৱাচাপৰিৰ একাংশ লোকে প্ৰত্যক্ষ কৰে এটি হৰিণ৷ লগে লগে একাংশ সমাজসচেতক তথা প্ৰকৃতিপ্ৰেমী লোকে হৰিণাটোক পহৰা দিবলৈ আৰম্ভ কৰে৷ ৰাইজে ইমানে নহয় হৰিণাটোক যেনেকৈ নহওক আবদ্ধ কৰাৰ পৰিকল্পনা কৰে৷