বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত ৰহস্যজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ। খাটোৱালৰ গেৰুৱাআটিৰ পথাৰত বৃহস্পতিবাৰে পুৱা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় ইয়াচমিনা খাতুন নামৰ যুৱতী গৰাকীৰ মৃতদেহ।
ৰহস্যজনক কাৰণত শনিবাৰৰ পৰাই সন্ধানহীন হৈ আছিল তিনিমহীয়া অন্তঃসত্বা যুৱতীগৰাকী। যুৱতী গৰাকীক পূৰ্বে ধৰ্ষণ কৰাৰ অভিযুক্ত নজৰুল নামৰ এজন যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে। ইফালে অভিযুক্ত যুৱক জন সম্প্ৰতি পলাতক অৱস্থাত আছে।