ডিজিটেল ডেস্কঃ অৱশেষত সাগৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱা পৱনহংসৰ হেলিকপ্তাৰৰ ৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্তমানেওঁ ৪গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। হেলিকপ্তাৰৰ কেইবাটাও অংশ উদ্ধাৰ কৰাৰ লগতে তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। শনিবাৰে পুৱাৰে পৰা অন্তৰ্ধান হৈ থকা হেলিকপ্তাৰখন উৰি গৈ থকা অৱস্থাত অাকাশত যান্ত্ৰিক বিজুটি ঘটি সাগৰত পৰাৰ সন্দেহ কৰা হৈছে।
ভগ্নাৱশেষ পবনহংস হেলিকপ্তাৰৰ হয় নে নহয় সেয়া অনুসন্ধান কৰা থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, শনিবাৰে পুৱাই মুম্বাইৰ আকাশৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈছিলএখন হেলিকপ্তাৰৰ৷ পৱনহংসৰ হেলিকপ্তাৰখনত ৫ জন যাত্ৰী আৰু ২জন পাইলট আছিল। প্ৰতিজন যাত্ৰীয়ে আছিল অএনজিচিৰ কৰ্মচাৰী।
সাগৰ পৃষ্ঠৰ তলৰ পৰা তেল নিৰ্গত কৰা তৈল ৰিগত ১০.৩০ বজাত অৱতৰণ কৰাৰ কথা আছিল পৱনহংসৰ হেলিকপ্তাৰখন৷ নিৰ্দিষ্ট সময় অতিক্ৰম কৰাৰ পিছতো হেলিকপ্তাৰখন অৱতৰণ নকৰাত চিন্তিত হৈ পৰে কৰ্তৃপক্ষ।
উল্লেখ্য, পুৱা জুহু বিমানবন্দৰৰ পৰা হেলিকপ্তাৰখন উৰা মাৰে। হেলিকপ্তাৰত ৩ ঘন্টা ১০ মিনিটৰ ইন্ধন আছিল৷ সূত্ৰ মতে পুৱা ১০.৩০ বজাত হেলিকপ্তাৰখনৰ সৈতে শেষ যোগাযোগ কৰা সম্ভৱ হয়৷ ইফালে কি কাৰনত এই দুৰ্ঘটনা সংঘটিত হ’ল সেয়া তদন্ত কৰা হৈছে৷ এই ঘটনা সন্দৰ্ভত নৌ বাহিনী কোনো বিবৃতি প্ৰকাশ কৰা নাই৷