হোজাইঃ চৰকাৰী স্বাস্থ্যকেন্দ্ৰত ৰোগীৰ দুৰৱস্থাৰ কথাটো অসমত নতুন নহয়৷ চৰকাৰে পৰ্যাপ্ত দৰৱ যোগান ধৰা বুলি দাবী কৰিলেও ৰোগীয়ে দৰৱৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ক’ত যায় NRHM ৰ অধীনত চৰকাৰে যোগান ধৰা বিনামূলীয়া দৰৱ৷
এফালে স্বাস্থকেন্দ্ৰত দৰৱ বিচাৰি ৰোগীৰ হাহাকাৰ৷ আনফালে চোৰাং বজাৰত চৰকাৰী দৰৱৰ ৰমৰমীয়া ব্যৱসায়৷ উল্লেখ্য যে, সোমবাৰে দুপৰীয়াৰ ভাগত হোজাই জিলাৰ ডবকাৰ ৩০ খন বিচনা যুক্ত চৰকাৰী চিকিৎসালয়ৰ পৰা ঔষধ চোৰাং ভাবে বিক্ৰী কৰিবলৈ নিয়াৰ সময়ত স্কুলীয়া ছাত্ৰৰ এটা দলে বৃহত পৰিমাণ চৰকাৰী বিনামূলীয়া ঔষধ সহ এখন বাহন জব্দ কৰে৷