ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত প্ৰচলিত হল ২০০ আৰু ৫০ টকীয়া নতুন নোট। দেশত প্ৰচলিত নতুন মুদ্ৰানীতিৰ পাছত পুৰণি ১০০০, ৫০০ টকীয়া নোটৰ বিপৰীতে প্ৰচলন কৰা  হৈছিল ২০০০ আৰু ৫০০  টকীয়া নতুন নোট। কিন্তু তাৰ পাছতেই সমগ্ৰ দেশ জুৰি সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি।

২০০০ টকীয়া নোটৰ খুচুৰা বিচাৰি নিম্ন আৰু নিম্ন মধ্যবিত্ত শ্ৰেনীয়ে বিপদৰ সন্মুখীন হবলগীয়ে হৈছিল। দেশৰ মাননীয় প্ৰধান মন্ত্ৰী আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আলোচনা মৰ্মে প্ৰৱৰ্তিত নতুন মুদ্ৰা নীতিয়ে জনসাধাৰণক বিপাঙত পেলোৱাৰ মাজতে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে জনসাধাৰণৰ বাবে ২০০ টকীয়া নোট মুকলি কৰি দিয়ে।

এতিয়াৰ পৰা দেশত খুচুৰা নোটৰ অভাৱ দূৰ কৰি দেশৰ জনতাৰ মাজত ২০০ টকীয়া নোট উপলব্ধ হব৷

মহাত্মা গান্ধীৰ ফটো আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ উৰজিত আৰ পাটেল স্বাক্ষৰ সম্বলিত দেখিবলৈ ২০০০ টকীয়া নোট খনৰ দৰে ঈষৎ হালধীয়া নতুন নোট খনে ৰাইজৰ মাজত ব্যপক উৎসুকতাৰ সৃষ্টি কৰিছে৷