68
বিহালীঃ গহপুৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি৷ এটুপি পানী, এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ মাজতে বৃহস্পতিবাৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ উদ্যোগত আৰু বিহালী সমষ্টি বাসী ৰাইজৰ সহযোগত গহপুৰৰ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰা হয়।
বানত ডুবি গহপুৰৰ আটাইতকৈ বেছি ক্ষতি গ্ৰস্থ হোৱা আমগুৰি চাপৰি, গিটুং চাপৰি আৰু কুটুম গাঁৱৰ প্ৰায় তিনি শতাধিক বানক্ৰান্ত ৰাইজৰ মাজত এই সাহায্য প্ৰদান কৰা হয়৷