কলিয়াবৰঃ বান গল৷ কিন্তু এতিয়াও মাৰ যোৱা নাই বানৰ বিভীষিকা৷ এটুপি পানী, এমুঠি চাউলৰ মাজত এতিয়াও বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি৷ ক’ত জনৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি দিয়া বানৰ বুকুত জাহ যায় সপোনৰ ঘৰখন, গোহালিৰ গৰুহাল, কিতাপৰ টোপলাটো অথবা কাপোৰযোৰ৷
সেয়ে বানে ধুই যোৱা কলিয়াবৰ অঞ্চলত বান বিধ্বস্ত ছাত্ৰ-ছাত্ৰীসকলক পূুনৰ উদ্জীৱিত কৰিবলৈকে কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয় খনত পঢ়ি থকা বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ মাজত ২৪ আগষ্ট ২০১৭ তাৰিখে শৈক্ষিক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।