কলিয়াবৰঃ বানৰ সংহাৰীৰূপত বাদ নপৰিল এইবাৰ কলিয়াবৰ। নগাঁও জিলাৰ ৰক্ষাকৱচ হিচাপে পৰিগণিত হাতীমুৰা মথাউৰি ১৩ আগষ্টৰ নিশা চিঙি যোৱাৰ পাছতেই কাল অমানিশা নামি আহিছিল কলিয়াবৰলৈ। বানৰ ত্ৰাসত ৰুদ্ধ হৈ পৰিছিল কলিয়াবৰৰ স্বাভাৱিক জীৱন-যাপন। সমগ্ৰ কলিয়াবৰতে সংহাৰী বানে যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত কৰে। প্ৰতিখন গাঁও বানৰ কৱলত পৰিছিল। বহু ঘৰ-দুৱাৰ পানীৰ তলত ডুবিছিল¸ কৃষিপ্ৰধান কলিয়াবৰীয়াৰ বহু হেক্টৰ কৃষি ভূমি সংহাৰী বানত ডুব গৈছিল। সংহাৰী বানৰ কৱলত পৰা সৰ্বসাধাৰণ ৰাইজে নিজৰ ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছিল।
বানৰ পিছত চৰকাৰেও যথেষ্ট পৰিমানে বানপানীত ক্ষতিগ্ৰস্তলোকক সহায় কৰিছিল। স্থানীয় বিধায়ক তথা জলসম্পদমন্ত্ৰী কেশৱ মহন্তই যথেষ্ট তৎপৰ হৈ প্ৰতিপল সময়ত ঠিয় দিছিল বানপীড়িতৰ কাষত। বহুকেইটা NGO তথা বেচৰকাৰী প্ৰতিষ্ঠান-অনুষ্ঠানেও বানপীড়িতৰ কাষত আহি বান সাহায্য দি দুখৰ সমভাগী হয়।