newsnextone.com | বিলাসীপাৰাঃ সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শুভ নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰাংগণতো সোমবাৰে ৰাতিপুৱা নেহেৰু যুৱ কেন্দ্ৰ ধুবুৰীৰ তৰফৰ পৰা বুচিৰচৰ উন্নয়ন মহিলা সমিতিৰ উদ্যোগত ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৪ তম্ জন্ম জয়ন্তী উপলক্ষে সদ্ভাৱনা যাত্রা পালন কৰা হয়। 

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মাল্যাৰ্পণ কৰে বুচিৰচৰ উন্নয়ন মহিলা সমিতিৰ সম্পাদিকা ৰেজিয়া খাতুনে। তদুপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিও ৰূপায়ন কৰা হয়।

এই অনুষ্ঠানত স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল হামিদৰ লগতে বুচিৰচৰ উন্নয়ন মহিলা সমিতিৰ কৰ্ম-কৰ্তা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।