গুৱাহাটীঃ মৃত্যু আহে জীৱনলৈ গোপনে গোপনে৷ মৃত্যু ৰৈ থাকে এছাটি বতাহ হৈ অট্টালিকাৰ ছাদত৷ মৃত্যু ৰৈ থাকে এটা ছাঁ হৈ ব্যস্ত ৰাজপথত৷ সুযোগ পালেই যিয়ে কোঙা কৰে সপোনৰ দুই হাত৷ সুযোগ পালেই মৃত্যুৱে কাঢ়ি লৈ যায় দুওঁঠৰ মাত৷ শনিবাৰে মাজনিশাও মৃত্যুৰ ছাঁই কাঢ়ি লৈ গ’ল লাহে লাহে জ্বলি উঠা এটি তৰাৰ দীপ্তি৷

বিশ্বৰ আজৱ খবৰ দি জনপ্ৰিয় হৈ পৰা উদীয়মান সাংবাদিক ৰীমা শৰ্মা আৰু নাই। বিশ্বৰ বিভিন্ন প্ৰন্তৰ আজৱ খবৰ প্ৰচাৰ কৰি জনপ্ৰিয় হৈ পৰা ৰীমা শৰ্মাই নিয়তিৰ ওচৰত হাৰ মানিলে। শনিবাৰে নিশা মহানগৰীত এক পথ দুৰ্ঘটনাত পতিত হৈ ৰীমাই অকালতে প্ৰাণ হেৰুৱায়।

শনিবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ ধীৰেণপাৰাত বিমান কলিতা নামৰ এগৰাকী সাংবাদিকক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা সাংবাদিকগৰাকীৰ খবৰ ল'বলৈ গৈছিল ৰীমাই।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন সাংবাদিক বিমান কলিতাৰ খবৰ লৈ উভতি অহাৰ সময়ত এবিচিত শ্ৰীমন্ত শংকৰদেৱ পথত এখন তীব্ৰ বেগী ট্ৰাকে ৰীমাৰ প্ৰাণ লয়৷ ইটা কঢ়িয়াই অনা তীব্ৰবেগী ট্ৰাকখনে ৰীমাক বহু দূৰ চোচোৰাই নিয়াৰ ফলত দেহৰ কেইবা ঠাইত প্ৰচণ্ড আঘাত পোৱাৰ লগতে তীব্ৰ ৰক্তক্ষৰণ হৈ কিছু সময়ৰ পাছতে ৰীমাৰ মৃত্যু হয়৷

ব্যক্তিগত খণ্ডৰ নিউজ চেনেল 'প্ৰাগ নিউজ' চেনেলৰ উদীয়মান সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰে প্ৰাগ নিউজ চেনেল পৰিয়াল৷ নিশাই প্ৰাগ নিউজ চেনেলৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকে ট্ৰাকখনৰ চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় আৰক্ষীক৷ বিভিন্ন সামাজিক তথা মহিলাৰ সমস্য়াৰ হৈ কাম কৰি অহা ৰিমাই স্কুটি লৈ আহিছিল জি এছ ৰোড হৈ।

উদীয়মান সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যত শোকৰ ছাঁ পৰে৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সাংবাদিক সংগঠন তথা দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে ট্ৰাকখনৰ চালকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনায়৷

NNO শুক্লাইঃ সাংবাদিক ৰীমাৰ আকস্মিক মৃত্যুক ডিমাকুছি প্ৰেছ ক্লাৱ, নামখলা আঞ্চলিক ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰে৷

NNO নলবাৰীঃ প্ৰাগ নিউজৰ সাংবাদিক ৰীমা শৰ্মাৰ আকস্মিক মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে নলবাৰী প্ৰেছ ক্লাব আৰু দক্ষীন নলবাৰী প্ৰেছ ক্লাৱৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনে। প্ৰয়াত সাংবাদিকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাকুল পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্তৰো দাবী জনায়।

NNO হোজাইঃ প্ৰাগ নিউজৰ সাংবাদিক ৰীমা শৰ্মাৰ আকস্মিক মৃত্যুত পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰে৷ তেওঁৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাই৷