কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰস্থিত তিতাগুৰীৰ ভৱানীপুৰৰ পৰা চলিত মাহৰ ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৮:৩০ মান বজাত অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্ত অপহৰণ হোৱাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে ব্যৱসায়ী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অপহৃত যুৱ ব্যৱসায়ী গৰাকীক আৰক্ষীয়ে উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা ব্যৰ্থতাৰ প্ৰতিবাদত তথা অপহৃতৰ মুক্তিৰ দাবীত বাঙালী যুৱ কল্যাণ পৰিষদ নামৰ সংগঠনটোৱে ২৬ ফেব্ৰুৱাৰীৰ ৰাতি ৯ বজাৰ পৰাই অনিৰ্দিষ্টকালীন কোকৰাঝাৰ জিলা বন্ধ ঘোষণা কৰাৰ ফলত অাজি কোকৰাঝাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে।
বন্ধৰ প্ৰথমদিনা অৰ্থাৎ আজি কোকৰাঝাৰ চহৰত সম্পূৰ্ণৰূপে হাট-বজাৰ দোকান-পোহাৰ বন্ধ থকাৰ উপৰি গাড়ী-মটৰকে ধৰি চৰকাৰী,বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,বেঙ্ক,স্কুল- কলেজ সমূহ বন্ধ হৈ পৰে ৷ ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকা সময়ছোৱাত বন্ধৰ দৰে কাৰ্যসূচী হাতত লোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু আৰু এবছুৱে৷