newsnextone.com | নামতিঃ শিৱসাগৰৰ দিখৌমুখৰ দিখৌনদীত শনিবাৰে দূৰ্ঘটনাগ্ৰস্ত চুইফট ডিজায়াৰ গাড়ী আৰু তাত থকা হৰেণ বৰা পৰিয়ালৰ পাঁচ সদস্য বৰ্তমানেও সন্ধানহীন হৈ আছে। যোৱা তিনিটা দিনত NDRF-SDRF বাহিনীৰ ব্যৰ্থ অভিযানৰ পাছত আজি অভিযান আৰম্ভ কৰিছে ভাৰতীয় নৌসেনাৰ নেতৃত্বত। 

উন্নত প্ৰযুক্তিৰ সহায়ত চলোৱা হৈছে এই অভিযান। side sonar scan নামৰ এক শব্দ প্ৰেৰণ যন্ত্ৰৰ সহায়ত প্ৰাৰম্ভিক অভিযানৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ দ্বাৰা এক নিৰ্দিষ্ট প্ৰাৱল্যৰ শব্দ নদী পৃষ্ঠত এৰি দি তাৰ পৰা লাভ কৰা প্ৰতিধ্বনিৰ ভিত্তিত নদী পৃষ্ঠৰ এক মানচিত্ৰ তৈয়াৰ কৰি পৃষ্ঠত থকা যিকোনো বস্তুৰ এক সামগ্ৰিক অৱয়ব লাভ কৰা যাব। এই যন্ত্ৰৰ সহায়ত আজি নিৰুদিষ্ট গাড়ীখনৰ সম্ভেদ লাভ কৰিব বুলি আশা কৰা হৈছে।

আনহাতে আজি চাৰি ঘণ্টা অতিক্ৰম কৰাৰ পিছতো নৌ সেনা বাহিনীয়ে কোনোধৰণৰ সন্ধান উলিয়াব পৰা নাই। ইফালে, আজি ঘটনাস্থলীত উপস্থিত হৈ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰয়োজন হ'লে অধিক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান সফল কৰিব বুলি ব্যক্ত কৰে।