Home ৰাজ্যঅৱসৰ প্ৰাপ্ত শিক্ষক ইয়াছিন আলীক বিদায় সম্বৰ্ধনা, হাতীৰ পিঠিত উঠাই বিদায় দিয়ে শিক্ষকগৰাকীক

অৱসৰ প্ৰাপ্ত শিক্ষক ইয়াছিন আলীক বিদায় সম্বৰ্ধনা, হাতীৰ পিঠিত উঠাই বিদায় দিয়ে শিক্ষকগৰাকীক

by News Desk
199 views
A+A-
Reset

newsnextone.com| খাৰুপেটীয়াঃ দৰঙৰ দলগাওঁ শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তর্গত উত্তৰ হিৰাপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইয়াছিন আলীয়ে যোৱা ৩১ আগষ্ট তাৰিখে অৱসৰ গ্ৰহণ কৰা উপলক্ষে বিদ্যালয় খনৰ ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকলে তেওঁক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভা খনত সভাপতিত্বত কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছিদ্দিক আলীয়ে। প্ৰধান শিক্ষয়িত্রী ছজিদা বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত বালাবাৰী হাই মাদ্ৰাছাৰ শিক্ষক নীলমণি কলিতা, ধূলা এম ই স্কুলৰ শিক্ষক সহ: শিক্ষক হানিফ আলী, প্ৰাক্তন চি আৰ চি চি ছায়েদ আলী, প্ৰাক্তন মণ্ডল সম্বনয়ক মুকুন্দ ৰাম ডেকা, শিক্ষক মতলিব আলী আৰু গাওঁবুঢ়া মতলিব আলিয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে।

প্ৰায় তিনি শতাধিক ছাত্র-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতত বিদায়ী শিক্ষক ইয়াছিন আলীৰ শিক্ষকতা জীৱনৰ সফলতাৰ দিশ সমূহ মন্থন কৰি ভাষণ দিয়ে। বিদায়ী শিক্ষক ইয়াছিন আলীয়ে বিদায় ভাষণত তেওঁৰ শিক্ষকতা জীৱনৰ বিভিন্ন তিতা, কেঁহাৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি এক গাম্ভীৰ্য পূৰ্ণ পৰিবেশত বক্তব্য আগবঢ়ায়। সভাত ন-পুৰণি ছাত্র-ছাত্ৰী সকলে তেওঁলোকৰ বিদায়ী গুৰু ইয়াছিন আলীৰ বিদায়ৰ চিন স্বৰূপে শৰাই, মানপত্ৰ আদি বিভিন্ন উপ ঢৌকন আগবঢ়াই শ্ৰদ্ধা নিবেদন কৰে। সভাখনৰ শেহত বিদায়ী শিক্ষকগৰাকীক স-সন্মানেৰে হাতীৰ পিঠিত উঠাই ঘৰত থৈ আহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0