66
কাজিৰঙাঃ এইবাৰ চোৰাং চিকাৰী নহয়, কাজিৰঙাত বনকৰ্মীৰ গুলীত নিহত হ’ল এটা প্ৰাপ্তবয়স্ক গঁড়৷ কাজিৰঙা উদ্যানৰ অগৰাতলি বনাঞ্চলৰ তিনিবিল বনশিবিৰত এই ঘটনা সংঘটিত হয়৷
ঘটনা অনুসৰি গঁড়টোৱে বনৰক্ষী এজনৰ ফালে চোঁচা লওঁতে আত্মৰক্ষাৰ হেতু টহলদাৰী বনকৰ্মীজনে গুলীচালনা কৰিবলৈ বাধ্য হৈ পৰে৷ ফলত গঁড়টো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷