কাজিৰঙাঃ ৰাজ্যত পুনৰ আৰু এটি গঁড়ে প্ৰাণ হেৰুৱালে৷ অসমীয়াৰ আৱেগ অনুভূতি স্বৰূপ গঁড় ৰক্ষাৰ বাবে বিভিন্ন পক্ষই, দল-সংগঠনে প্ৰতিক্ৰিয়া, প্ৰতিবাদ কৰি অহাৰ সময়তে ৰাজ্য খনত আন এটি গঁড়ৰ মৃত্যু হয়৷ দেহত গুলী লৈ ফুৰা গড়টোৱে যন্ত্ৰণাত চটফটাই ৪ দিনৰ মূৰকত প্ৰাণ হেৰুৱাই৷ গুলীবিদ্ধ গঁড়টোৰ মৃত্যু হয় নুমলীগড় খণ্ড বিষয়া কাৰ্যালয়ৰ অধীনৰ ভক্তে চাপৰিত৷
গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হৈছিল গঁড়টো৷ চোৰাং চিকাৰীৰ গুলী দেহত লৈ যন্ত্ৰণাত থাকিব নোৱাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই গৈ নুমলীগড় খণ্ড বিষয়া কাৰ্যালয়ৰ অধীনৰ ভক্তে চাপৰি পাইছিল গড়টোৱে৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা গঁড়টো কিছু দিন ধৰি অনাই-বনাই ঘুৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে৷