59
কাজিৰঙাঃ বানপানীৰ পিছত এইবাৰ খাদ্য সংকট। বানে ধোৱা কাজিৰঙাত অব্যাহত আছে ইটোৰ পিছত সিটো সংকট। এইবাৰ তীব্ৰ খাদ্যৰ সংকটত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পশুকূল।
এফালে চোৰাং চিকাৰীৰ অত্যাচাৰ,আনফালে তাৰ ওপৰত যেন আকৌ প্ৰকৃতিও ৰুষ্ট হৈ পৰিছে উদ্যান খনৰ পশু বোৰৰ ওপৰত। চোৰাং চিকাৰীৰ হাতত প্ৰাণ দিয়াই নহয় বানপানীয়েও কাঢ়ি নিলে বহুতো পশুৰ প্ৰাণ, এইবাৰ আকৌ প্ৰাণ কাঢ়িবলৈ আহিছে খাদ্যৰ নাটনিয়ে।