newsnextone.com। খাৰুপেটীয়াঃ দৰং জিলাৰ ওৰাং ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ পৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি বুধবাৰে নিশা দুজনকৈ দুধৰ্ষ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয়।
দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ শৰ্মা, উপ আৰক্ষী অধীক্ষক পৃথিৰাজ ৰাজখোৱা শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীসহ এদল আৰক্ষীয়ে বুধবাৰে নিশা এক অভিযান চলাই ২নং কছাৰীভেটিটোপ গাঁৱৰ মফিদুল ইছলামৰ ঘৰৰ কাষত মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই পুতি ৰখা অৱস্থাত এটা থ্ৰি নট থ্ৰি ৰাইফল আৰু ১২ জাই গুলি উদ্ধাৰ কৰে।