Home ৰাজ্যথিয় হৈ আছে চোৰাং চিকাৰী সমীপত বোকা-পানীত পৰি ৰৈছে প্ৰকাণ্ড গঁড়

থিয় হৈ আছে চোৰাং চিকাৰী সমীপত বোকা-পানীত পৰি ৰৈছে প্ৰকাণ্ড গঁড়

by News Desk
66 views
A+A-
Reset

কাজিৰঙাঃ কৰবাত ৰংঘৰ, কৰবাত বিশ্ব বাণিজ্য কেন্দ্ৰ, কৰবাত বাছ গাড়ী, আকৌ আন কৰবাত অসম গৌৰৱ গঁড় ধৰাশয়ী হৈ পৰি আছে৷ অসমৰ পথাৰত এতিয়া বিভিন্ন আৰ্হিৰ ভেলাঘৰ৷ বিভিন্ন প্ৰতীকি উপস্থাপনেৰে বাৰ্তা দিব বিছাৰিছে বিভিন্ন সমাজে৷ নগাঁঁও জিলাৰ চাপানালাত বিশ্ব বাণিজ্য কেন্দ্ৰক বিমানেৰে আক্ৰমণৰ দৃশ্যক আৰ্হি হিচাপে লৈ সজোৱা ভেলাঘৰে সকলোকে আকৰ্ষিত কৰাৰ পিছতে এইবাৰ কাজিৰঙাৰ সাজি উলিয়াইছে মাটিত বাগৰি থকা এটা প্ৰকাণ্ড গঁড়৷

চোৰাং চিকাৰীয়ে  গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ দৃশ্যক উপস্থাপন কৰিছে কাজিৰঙাবাসীয়ে৷ ইতিমধ্যে এই দৃশ্য চাবলৈ মানুহে ভিৰ কৰা দেখা যায়৷ গঁড় হত্যা ৰোধ কৰিবৰ বাবে মাঘ বিহুৰ সময়তে বাৰ্তা দিয়ে কাজিৰঙাবাসীয়ে৷ গাঁৱে-ভূঞে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো এতিয়া ব্যস্ত গাঁৱৰ পথাৰত৷ সকলোৱে যেন ব্যস্ত ভেলাঘৰ সজোৱাত। পিছ পৰি থকা নাই গোলাগাট জিলাৰ কাজিৰঙা অঞ্চলো৷ কাজিৰঙা অঞ্চলৰ ৰাইজে মাঘবিহু উপলক্ষে সাজি উলিয়াইছে গঁড় হত্যাৰ বেদনাদায়ক আৰ্হিৰ ভেলাঘৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0