ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গাছপাৰা বন শিবিৰৰ অন্তৰ্গত অঞ্চলৰ পৰা দিনৰ ভাগতে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খড়্গ কাটি লৈ যায়। দিনৰ ভাগত সংঘটিত ঘটনাটো বন বিভাগে বহু পলমকৈ প্ৰশাসনক অৱগত কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দৰং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা অভিযান চলাই তিনিগৰাকী চোৰাং গঁড় চিকাৰীক অবৈধ অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হৈছিল।

দৰং আৰক্ষীৰ দলে গুৱাহাটীৰ হাতীগাঁও এলেকাৰ পৰা নবি হুছেইন আৰু চহৰ আলিক গ্ৰেপ্তাৰ কৰাৰ লগতে একে নিশাই চলোৱা আন এক অভিযানত দলগাঁও থানাৰ অন্তৰ্গত ৰঙাগৰা পথাৰৰ মইনুল হক নামৰ আন এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল।

তিনিওঁগৰাকী চোৰাং চিকাৰীৰ ঘৰ ৰঙাগৰা পথাৰৰ আৰু আৰক্ষীৰ জেৰাত তিনিওঁগৰাকীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰা বুলি বুলি স্বীকাৰ কৰিছিল। কিন্তু আজি পুনৰ গঁড় হত্যাৰ বাতৰিয়ে বন বিভাগক অংগুষ্ঠ দেখুৱাই গঁড় হত্যা কৰি উদ্যানখনত চোৰাং চিকাৰীৰ দপদপনিক প্ৰতিপন্ন কৰিলে বুলি অভিযোগ কৰিছে সচেতন মহলে।

বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্যানখনলৈ ঢাপলি মেলে যদিও মন্ত্ৰীগৰাকীৰ সঘন উপস্থিতিয়েও উদ্যানখনত চোৰাংচিকাৰীৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।