61
গুৱাহাটীঃ চোৰাংচিকাৰীয়ে পুনৰ গঁড় হত্যা কৰিলে কাজিৰঙাত৷ এটা প্ৰাপ্তবয়স্ক মতা গঁড়ৰ মৃতদেহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত বনৰক্ষীয়ে উদ্ধাৰ কৰে৷ গঁড়টোৰ খৰ্গটো চোৰাংচিকাৰীয়ে কাটি লৈ যায়৷
শনিবাৰৰ এই ঘটনাৰ পাছতেই স্পেছিয়েল টাস্ক ফৰ্চে চোৰাংচিকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷