বিহালীঃ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটে ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ভোট লৈ চৰকাৰ গঠন কৰে৷ কিন্তু মিত্ৰজোঁটৰ চৰকাৰ খনৰ বনজ সম্পদৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২৩ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷
ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷ নৈৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ তাৰ মাজতে, শনিবাৰে নিশা হোজাইৰ লংকাৰ হাৱাইপুৰত বন বিভাগৰ গাফিলতিৰ বাবে ৰেলৰ খুন্দাত ৪টা হাতীৰ মৃত্যু হোৱাৰ লগতে একেটা নিশাই কাজিৰঙাত পুনৰ গঁড় হত্যাকাণ্ড সংঘটিত হয়।