newsnextone.com | কাজিৰঙাঃ যোৱা ৯ জুনত বিশ্বনাথ জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শিলডুবী এলেকাত চিকাৰীয়ে বহু দিন পূৰ্বে হত্যা কৰা এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সোমবাৰে বন বিভাগৰ অভিযানত নিহত হয় চোৰাংচিকাৰী৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে প্ৰৱেশ কৰা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত দীৰ্ঘ সময় সংঘৰ্ষ লাগে। সংঘৰ্ষত এজন চিকাৰী নিহত হোৱাৰ খবৰ আহিছে। বনবিভাগে জানিবলৈ দিয়া মতে, বনবিভাগৰ নিয়মীয়া টহলদাৰী দলে নিশা প্ৰায় ৮ বজাত ৫জনীয়া এটা অস্ত্ৰধাৰী দলক ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ নলামুখ এলেকাত প্ৰত্যক্ষ কৰে।