কাজিৰঙা/কলিয়াবৰঃ বন বিভাগ-আৰক্ষীৰ বিৰুদ্ধে সততে বন্যপ্ৰাণীক নিৰাপত্তা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হয়৷ কিন্তু প্ৰমিলা ৰাণী ব্ৰহ্মৰ বন বিভাগৰ সুৰক্ষা কৰ্মীসকল এইবাৰ সষ্টম হৈ অসম আৰক্ষীৰ সৈতে লগলাগি চোৰাং চিকাৰী নিধন অভিযান আৰম্ভ কৰিছে৷
অসমৰ মান-অভিমান এশিঙীয়া গঁড় ৰক্ষা কৰাৰ বাবে যোৱা কেইবাটাও দিনত নগাঁও আৰক্ষীয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে৷ আৰক্ষী-বন বিভাগৰ বদনাম শেষ কৰাৰ বাবে ৰাজ্য চৰকাৰে বন বিভাগৰ সুৰক্ষা কৰ্মীক আধুনিক অস্ত্ৰ দিয়াৰ পাছতেই উৎসাহেৰে দায়িত্ব পালন কৰিছ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো সুৰক্ষা কৰ্মীয়ে৷