66
কামপুৰঃ পুনৰ ফাদিল হ’ল জনকল্যাণমূলক আঁচনি ৰূপায়নত থকা বেমেজালি৷ নগাঁও জিলাৰ দক্ষিণ কামপুৰ সমবায় সমিতিৰ গুদামত পচিল বস্তাই বস্তাই খাদ্য সুৰক্ষা অাঁচনিৰ চাউল। আজি এই বিয়াগোম অপচয়ৰ কথা পোহৰলৈ আহে।
ফলত চাউল লাভৰ পৰা বঞ্চিত হ’ল সমবায় সমিতিখনৰ অন্তৰ্গত শতাধিক দৰিদ্ৰ পৰিয়াল৷ সমবায় সমিতিখনৰ সভাপতি, সম্পাদক অাৰু একাংশ এজেন্টৰ গাফিলতিৰ বাবেই গুদামতে পচি নষ্ট হ’ল প্ৰায় ৫০ কুইণ্টল খাদ্য সুৰক্ষা অাঁচনিৰ চাউল।