কোকৰাঝাৰঃ অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আজি কোকৰাঝাৰত উপস্থিত হৈ বিটিএডিৰ চাৰিওখন জিলাৰ বিভাগীয় বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ আজি দুপৰীয়া মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত দুয়োটা বিভাগৰ বিভাগীয় বিষয়াসকলৰ সৈতে সুকীয়া সুকীয়া ভাৱে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰি যাবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷
মন্ত্ৰী গৰাকীয়ে তেওঁৰ দায়িত্বত থকা দুটাকৈ বিভাগৰ কি কি আচঁনি বিটিএডি এলেকাত সঠিকভাৱে ৰূপায়ণ হোৱা নাই তাৰ বিষয়েও বিভাগীয় বিষয়াৰ পৰা খতিয়ানো লয় আৰু বিভাগীয় বিষয়াসকলক কৰ্মপন্থা যুগুত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ পিছত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সাংবাদিকৰ এক প্ৰশ্নত্তোৰত অসমত এতিয়াও খাদ্য সংকট হোৱা নাই আৰু ভৱিষ্যতেও নহ’ব বুলি দাবী কৰি একাংশ খুচুৰা ব্যৱসায়ীয়ে সুযোগ বুজি বয়-বস্তু আৰু শাক-পাচঁলিৰ দাম বৃদ্ধি কৰিছে বুলি মন্তব্য কৰিছে।