ওদালগুৰিঃ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন দিৱসলৈ মাজত মাথো কেইটামান দিন৷ স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে মহোৎসৱকলৈ৷ ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ভৈৰৱকুণ্ড পৰ্যটন আৱাসত ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ ওদালগুৰি জিলাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেণীসংগমস্থলীত ভৈৰৱকুণ্ড বনভোজস্থলীত লোকে লোকাৰণ্য পৰিৱেশ।
নতুন বছৰৰ সময়ছোৱাত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ বুকুত ইতিমধ্যে প্ৰতিদিনে হাজাৰ হাজাৰ লোক সমবেত হয়৷ প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটক অহা পৰিলক্ষিত হৈছে। ভূটান পাহাৰৰ বুকু ফালি বৈ অহা ধনশিৰি নৈৰ কুলু কুলু শব্দই বনভোজস্থলীক সোণত সুৱগা পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ মাজতে শনিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে মহোৎসৱস্থলী পৰিদৰ্শণ কৰি অগ্ৰগতিৰ বুজ লয়।