ডিজিটেল ৰিপ’ৰ্টঃ দুৰ্গম পাহাৰত ঘূৰি ফুৰিছে ৰীণা৷ ইখনৰ পাছত সিখন পাহাৰ বগাইছে ৰীণাই৷ পাহাৰ বগাই ভাগৰি নপৰে ৰীণাই৷ পুৰুষৰ সমানে সমানে ৰীণাই খোজ দি বিচাৰি ফুৰিছে এখন প্ৰতিচ্ছবি৷ যিখন প্ৰতিচ্ছবিৰ সাক্ষী হৈ সলনি কৰিব খুজিছে ৰাইজৰ সপোনক৷
দৰিদ্ৰ পৰিয়ালৰ জিয়ৰী ৰীণা৷ তিনি বছৰ পূৰ্বলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী মাষ্টাৰ ৰোলৰ কৰ্মী আছিল পিতৃ৷ পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙৰ টেৰাং গাঁৱৰ বাসিন্দা ৰীণা টেৰাংপি৷ এটি সাধাৰণ পৰিয়ালৰ পৰা সমাজৰ হৈ কাম কৰাৰ বাবে ওলাই অহা ৰীণাক এটি সংগ্ৰামী সত্বা বুলি ক’বলৈ আৰম্ভ কৰিছে স্থানীয় লোকসকলে৷