newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিত মঙলবাৰে নিশা পথ দুৰ্ঘটনাত পতিত হৈ এগৰাকী আটাছু নেতাই অকাল মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, নামতি খঙীয়া গাঁও নিবাসী মহেন্দ্ৰ গগৈৰ পুত্ৰ তথা আটাছুৰ চেপাঙনী শাখাৰ সম্পাদক ৰিংকু গগৈয়ে (২৪)  নামতি চাৰিআলিৰ পৰা খঙ্গীয়া গাঁৱৰ নিজা গৃহলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই মৰিনামদাং গাঁৱৰ ধোদৰ আলিত পথৰ দাতিত এজোপা গছত এএচ-০৪-কিউ-২৯১৪ নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে খুন্দা মাৰে৷

ফলত গুৰুতৰভাৱে আহত হয় গগৈ। নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয় যদিও যুৱকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

চিকিৎসকৰ পৰামৰ্শ মৰ্মে পৰিয়ালৰ লোকে লগে লগে ডিব্রুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও ৰিংকু গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে। যুৱক জনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধৰে তেওঁৰ বাসগৃহ ভৰি পৰে৷

আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মানস সন্দিকৈ, নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰতিম শইকীয়া, যুটীয়া সম্পাদক হিমাংশু গগৈ আৰু পলাশ বড়া, সহকাৰী সম্পাদক ঋতুৰাজ গগৈ আৰু পিংকু গগৈয়ে আটাছু কৰ্মীজনৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। 

আনহাতে, আটাছুৰ চেপাঙনী শাখা সমিতি, টিঙিৰিপাম আঞ্চলিক সমিতি, নামতি প্রেছ গীল্ড, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি আঞ্চলিক ছাত্র সন্থা, কৃষক শ্রমিক সুৰক্ষা সংগ্রাম সমিতি, নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজ, চেপাঙনী নৱোদয় সংঘৰ লগতে স্থানীয় ৰাইজ, বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰে।