newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিত মঙলবাৰে নিশা পথ দুৰ্ঘটনাত পতিত হৈ এগৰাকী আটাছু নেতাই অকাল মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, নামতি খঙীয়া গাঁও নিবাসী মহেন্দ্ৰ গগৈৰ পুত্ৰ তথা আটাছুৰ চেপাঙনী শাখাৰ সম্পাদক ৰিংকু গগৈয়ে (২৪) নামতি চাৰিআলিৰ পৰা খঙ্গীয়া গাঁৱৰ নিজা গৃহলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই মৰিনামদাং গাঁৱৰ ধোদৰ আলিত পথৰ দাতিত এজোপা গছত এএচ-০৪-কিউ-২৯১৪ নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে খুন্দা মাৰে৷
ফলত গুৰুতৰভাৱে আহত হয় গগৈ। নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয় যদিও যুৱকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷