Home ৰাজনীতিবিশ্বৰ ভিতৰত আটাইতকৈ ফাকিবাজ প্ৰধানমন্ত্ৰী হল নৰেন্দ্ৰ মোদী: ৰিপুন বৰা

বিশ্বৰ ভিতৰত আটাইতকৈ ফাকিবাজ প্ৰধানমন্ত্ৰী হল নৰেন্দ্ৰ মোদী: ৰিপুন বৰা

by News Desk
A+A-
Reset
ripun bora

তেজপুৰঃ তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গতগাভৰু ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি এক বৃহৎ পঞ্চায়ত নিৰ্ব্বাচনৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজে পি আৰু এ জি পিক ক্ষুৰধাৰ সমলোচনাৰে নিবাচনী প্ৰচাৰ সামৰনী পেলায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ শোনিতপুৰ জিলা পৰ্বতীয়া পৰিষদৰ লগতে দহখনকৈ গাঁও পঞ্চায়তৰ বাবে কংগ্ৰেছ দলটোৰ পৰা মনোনিত প্ৰাৰ্থী সকলৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ চলাবলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ভাষন প্ৰসংগত শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্ব্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ দুখনক কথোৰ ভাষাৰে সমালোচনা কৰি কয় যে নৰেন্দ্ৰ মোদী হল বিশ্বৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ ফাকিবাজ প্ৰধানমন্ত্ৰী ৷ জন্ম দিয়া বাপেকক পুতেকে “তই মোক ইমান দিনে কি দিলি” বুলি গালি পৰাৰ দৰে বিজেপি দলটোৱেও ভাৰতবৰ্ষ স্বাধীন কৰা কংগ্ৰেছ দলটোক ষাঠি বছৰে কংগ্ৰেছে কি দিলে বুলি গালি পাৰি আছে ৷ কিন্তু কংগ্ৰেছে যদি দেশ স্বাধীন নকৰিলে হেতেন তেন্তে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সৰ্ব্বানন্দ সোনোৱাল অসমৰ মূখ্যমন্ত্ৰী কেনেকৈ হ’ল হেতেন বুলি প্ৰশ্ন উত্থাপন কৰে ৷ 

ভাষণ প্ৰসঙ্গত তেওঁ আৰু কয় যে নৰেন্দ্ৰ মোদীয়ে নিৰ্ব্বাচনৰ আগত কৈছিল বিদেশৰ পৰা সকলো কলা ধন ঘুৰাই আনিব আৰু দেশৰ প্ৰতিজন মানুহৰ বেংকৰ একাউন্টত পোন্ধৰ লাখ কৈ টকা জমা কৰি দিব ৷ কিন্তু প্ৰধানমন্ত্ৰী হৈ মোদীয়ে সেই কথা পাহৰি গ’ল ৷ অসমৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কৈছিল কংগ্ৰেছে ছাত্ৰ-ছাত্ৰীক চাইকেল দি ঠগিছে কিন্তু বিজিপি শাসনলৈ আহিলে প্ৰত্যেকগৰাকী ছাত্ৰীকে স্কুটি দিব কিন্তু সেই বোৰ সকলো ফাকি আজি ৰাইজৰ আগত ধৰা পৰিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0