নতুন দিল্লীঃ সমগ্ৰ বিশ্বই বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰাটো সম্ভৱ জানো! আপুনি এবাৰ হ’লেও এই বিষয়ত ভাবি চাইছেনে? যদি ই সম্ভৱপৰ হৈ উঠে তেন্তে ইয়াৰ লাভদায়ক দিশ কিমান হ’ব৷ হয়, এই বিষয়ত চীন দেশৰ LinkSure Network নামৰ এটা কোম্পানীয়ে পৃথিৱীৰ চাৰিওকাষে চেটেলাইটৰ আকৃতিৰ দৰে এক লানী(কানষ্টেলেচন) তৈয়াৰ কৰি বিনামূলীয়া ৱাই-ফাইৰ সেৱা আগবঢ়োৱাৰ বিষয়ে পৰিকল্পনা কৰিছে৷
চীনৰ LinkSure Network নামৰ কোম্পানীটোয়ে এই চেটেলাইৰ ব্যৱস্থা উত্তৰ-পশ্চিম চীনত অৱস্থিত গংচুৰ ‘জিওকুৱান চেটেলাইট লঞ্জ’ চেন্টাৰৰ পৰা অহা বছৰ মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ ২০২০ চনলৈ ১০ টাকৈ চেটেলাইটক মুকলি কৰা হ’ব৷ আনহাতে ইয়াৰ পাছত ছয় বছৰলৈকে এই কোম্পানীয়ে একেৰাহে চেটেলাইটৰ সংযোগ স্থাপন কৰি ২০২৬ চনলৈ ২৭২ টা চেটেলাইট মুকলি কৰা হ’ব বুলি এক প্ৰতিবেদনত জানিবলৈ দিয়ে৷