Home ৰাজ্যবিধায়ক ঋতুপৰ্ণ বৰুৱাৰ টাৰ্গেট প্ৰতিবাদকাৰী খিলঞ্জীয়া, অসমীয়াক অপমান

বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ টাৰ্গেট প্ৰতিবাদকাৰী খিলঞ্জীয়া, অসমীয়াক অপমান

by News Desk
54 views
A+A-
Reset

newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি তীব্ৰ বিতৰ্ক চলি আছে৷ অসমৰ মাটিত বিজেপি চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি ৰাজ্যৰ সকলোতে ৰাজপথলৈ ওলাই আহিছে খিলঞ্জীয়া লোকসকল৷ চৰকাৰে গ্ৰহণ কৰিব বিচৰা জাতিধ্বংসী সিদ্ধান্ত বাতিল কৰাৰ দাবীত দল-সংগঠন আৰু সাধাৰণ ৰাইজে প্ৰতিবাদ কৰি অহাৰ সময়তে বিজেপিৰ একাংশ নেতা-মন্ত্ৰী-বিধায়কে বিধেয়কখনৰ সমৰ্থন কৰি মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে৷ অসমৰ খিলঞ্জীয়াৰ প্ৰতিবাদ নসাৎ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে মুকলিকৈ হিন্দু বাংলাদেশীক সংস্থাপনৰ সপক্ষে মত প্ৰকাশ কৰিছে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিৰোধী কোনো সিদ্ধান্তই গ্ৰহণ নকৰো বুলি ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰিলেও এচাম মন্ত্ৰী-বিধায়কৰ মন্তব্যই মুখ্যমন্ত্ৰীৰ আশ্বাস গুৰুত্বহীন বুলি প্ৰমাণিত কৰাহে দেখিবলৈ পোৱা গৈছে৷ বিজেপিৰ এচাম মন্ত্ৰী-বিধায়ক তথা নেতাই অসম বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ডাঙি ধৰা যুক্তিৰ বিপৰীতে আনফালে অতুল বৰা, মীৰা বৰঠাকুৰ, বিনোদ হাজৰিকাৰ দৰে বিজেপি দলৰে নেতা-বিধায়কে মুকলিকৈ এই বিতৰ্কিত বিধেয়কৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0