Home ৰাজ্যৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত শান্তি সভা

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত শান্তি সভা

by News Desk
61 views
A+A-
Reset

ৰঙিয়াঃ তিনিচুকীয়া জিলাৰ ধলাৰ খেৰবাৰীত অচিনাক্ত দুষ্কৃতিকাৰীয়ে পাঁচজনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাক সকলো স্তৰৰ ৰাইজে ধিক্কাৰ দিছে ।এই গণহত্যাকাণ্ডৰ পিছত জনসাধাৰণৰ মাজত বিৰাজ কৰা আশংকাৰ পৰিপেক্ষিতত আজি আবেলি ৩.০০ বজাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত প্ৰশাসনৰ উদ্যোগত এখনি শান্তি সভা অনুষ্ঠিত হয় । 

মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ পৌৰহিত্যত্বত অনুষ্ঠিত শান্তি সভা খনত মহকুমা আৰক্ষী বিষয়া সুমিত শৰ্মা, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱা, কঞাৰ চক্ৰ বিষয়া নয়না বৰা, কমলপুৰৰ চক্ৰ বিষয়া ড০ বেদাঙ্গ তালুকদাৰ, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, জ্যেষ্ঠ নাগৰিক নৰেন্দ্ৰ শৰ্মা, পবিন কলিতা, প্ৰমূখ্যে  সদৌ অসম যুৱ ছাত্ৰ পৰিষদ, বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন, অসমীয়া যুৱ পৰিষদ, গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ, সদৌ অসম গৰিয়া যুব ছাত্ৰ পৰিষদ, বঙালী জন মঞ্চ, অগপ, চিপিআই (এম)ৰ লগতে স্থানীয় সংবাদ কৰ্মী সকলে অংশগ্ৰহণ কৰি শান্তি সম্প্ৰীতিৰ ওপৰত মূল্যবান বক্তব্য আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0