58
ডিফুঃ পহাৰীয়া জিলা কাৰ্বি আংলঙত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী সাংবাদিক গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, সোমবাৰে কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ বাহনি আদৰ্শ স্কুলৰ সমীপৰ পৰা বাতৰি সংগ্ৰহ কৰি এএছ-০৯-বি-৬৮৪৮ নম্বৰৰ ৱেগনাৰেৰে কাৰ্বি আংলং জিলাৰ ডিৱাই-৩৬৫ৰ সাংবাদিক ৰাজবীৰ সিং আৰু কেমেৰা পাৰ্ছন বিপ্লৱ পাল ডিফু অভিমুখে আহি আছিল ৷
