56
হোজাইঃ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ ডবকাত উত্তপ্ত পৰিস্থিতি৷ ডবকাৰ চৰ্দাৰ বস্তিৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হৈ থিতাতে নিহত হয় এজন লোক৷
কাৰ্বি আংলঙৰ পৰা মটৰ চাইকেলৰে আহি থকা অৱস্থাত সংঘটিত হয় এই ভয়ানক পথ দুৰ্ঘটনাটো৷ পথৰ প্ৰকাণ্ড গাতত পৰি নিয়ন্ত্ৰণ বাগৰি পৰা বাইক আৰোহীক তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়াত থিতাতে নিহত হয় বাইক আৰোহীজন৷